reff

Note.
2:1772:1862:22015:4921:1021:2323:7038:2443:44.

.

২:১৭৭

۞ لَيْسَ الْبِرَّ أَنْ تُوَلُّوا وُجُوهَكُمْ قِبَلَ الْمَشْرِقِ وَالْمَغْرِبِ وَلَٰكِنَّ الْبِرَّ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَالْمَلَائِكَةِ وَالْكِتَابِ وَالنَّبِيِّينَ وَآتَى الْمَالَ عَلَىٰ حُبِّهِ ذَوِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينَ وَابْنَ السَّبِيلِ وَالسَّائِلِينَ وَفِي الرِّقَابِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَالْمُوفُونَ بِعَهْدِهِمْ إِذَا عَاهَدُوا ۖ وَالصَّابِرِينَ فِي الْبَأْسَاءِ وَالضَّرَّاءِ وَحِينَ الْبَأْسِ ۗ أُولَٰئِكَ الَّذِينَ صَدَقُوا ۖ وَأُولَٰئِكَ هُمُ الْمُتَّقُونَ

পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু চালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেইটো পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।

.

২:১৮৬

وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ

আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে[1], যাতে সিহঁতে সঠিক পথত পৰিচালিত হ’ব পাৰে।

.
২:২২০
فِي الدُّنْيَا وَالْآخِرَةِ ۗ وَيَسْأَلُونَكَ عَنِ الْيَتَامَىٰ ۖ قُلْ إِصْلَاحٌ لَهُمْ خَيْرٌ ۖ وَإِنْ تُخَالِطُوهُمْ فَإِخْوَانُكُمْ ۚ وَاللَّهُ يَعْلَمُ الْمُفْسِدَ مِنَ الْمُصْلِحِ ۚ وَلَوْ شَاءَ اللَّهُ لَأَعْنَتَكُمْ ۚ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰা উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
১৫:৪৯
۞ نَبِّئْ عِبَادِي أَنِّي أَنَا الْغَفُورُ الرَّحِيمُ
মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু,
.

২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
.
২১:২৩
لَا يُسْأَلُ عَمَّا يَفْعَلُ وَهُمْ يُسْأَلُونَ
তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।
.
২৩:৭০
أَمْ يَقُولُونَ بِهِ جِنَّةٌ ۚ بَلْ جَاءَهُمْ بِالْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَارِهُونَ
নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।
.
৩৮:২৪
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِ ۖ وَإِنَّ كَثِيرًا مِنَ الْخُلَطَاءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَقَلِيلٌ مَا هُمْ ۗ وَظَنَّ دَاوُودُ أَنَّمَا فَتَنَّاهُ فَاسْتَغْفَرَ رَبَّهُ وَخَرَّ رَاكِعًا وَأَنَابَ ۩
দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।
.
৪৩:৪৪✅
وَإِنَّهُ لَذِكْرٌ لَكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْأَلُونَ
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
.
Compiled.syedraf.

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79