Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

🌺এল্লাহৰ চুন্নতৰ পৰিবৰ্তন নাই(৩৩:৬২):-
৩৩:৬২
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।
.
🌺ঈছাৰ (আ:ছা:) দিনত ছালাত আছিল:
১৯:৩১
وَجَعَلَنِي مُبَارَكًا أَيْنَ مَا كُنْتُ وَأَوْصَانِي بِالصَّلَاةِ وَالزَّكَاةِ مَا دُمْتُ حَيًّا
‘মই য’তেই নাথাকো কিয় তেওঁ মোক বৰকতময় কৰিছে, আৰু যিমান দিন জীৱিত থাকিম তেৱেঁই মোক চালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--
.
🌺ইব্ৰাহীম, ইছহাক্ব, ইয়াকূবৰ দিনত ছালাত:
২১:৭২-৭৩
২১:৭২
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ نَافِلَةً ۖ وَكُلًّا جَعَلْنَا صَالِحِينَ
আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্বক, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলোঁ সৎকৰ্মপৰায়ণ।
.
২১:৭৩
وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ ۖ وَكَانُوا لَنَا عَابِدِينَ
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, চালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
.
🌺বনী ইছৰাঈলৰ ছালাত:
৫:১২
۞ وَلَقَدْ أَخَذَ اللَّهُ مِيثَاقَ بَنِي إِسْرَائِيلَ وَبَعَثْنَا مِنْهُمُ اثْنَيْ عَشَرَ نَقِيبًا ۖ وَقَالَ اللَّهُ إِنِّي مَعَكُمْ ۖ لَئِنْ أَقَمْتُمُ الصَّلَاةَ وَآتَيْتُمُ الزَّكَاةَ وَآمَنْتُمْ بِرُسُلِي وَعَزَّرْتُمُوهُمْ وَأَقْرَضْتُمُ اللَّهَ قَرْضًا حَسَنًا لَأُكَفِّرَنَّ عَنْكُمْ سَيِّئَاتِكُمْ وَلَأُدْخِلَنَّكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۚ فَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ مِنْكُمْ فَقَدْ ضَلَّ سَوَاءَ السَّبِيلِ
আৰু অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল আৰু আমি সিহঁতৰ মাজৰ পৰা বাৰজন লোকক নেতা নিযুক্তি দি পঠিয়াইছিলো। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছো, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনা, তেওঁলোকক সন্মান সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেন্তে অৱশ্যে আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলেদি নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফৰী কৰিব সি অৱশ্যে সৰল পথৰ পৰা আঁতৰি যাব।
.
🌺 মুছা, হাৰুণ, ইছমাঈল আ:ছা:ৰ ছালাত:
১০:৮৭
وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ وَأَخِيهِ أَنْ تَبَوَّآ لِقَوْمِكُمَا بِمِصْرَ بُيُوتًا وَاجْعَلُوا بُيُوتَكُمْ قِبْلَةً وَأَقِيمُوا الصَّلَاةَ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।
.
১৯:৫৪
وَاذْكُرْ فِي الْكِتَابِ إِسْمَاعِيلَ ۚ إِنَّهُ كَانَ صَادِقَ الْوَعْدِ وَكَانَ رَسُولًا نَبِيًّا
আৰু স্মৰণ কৰা এই কিতাবত ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;
.
🌺 মুঠতে সকলো নবীৰ ছালাতৰ পদ্ধতি আৰু হুকুম একেই, কাৰণ এল্লাহৰ চুন্নতৰ পৰিবৰ্তন নাই(৩৩:৬২):
১৯:৫৮
أُولَٰئِكَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ مِنْ ذُرِّيَّةِ آدَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍ وَمِنْ ذُرِّيَّةِ إِبْرَاهِيمَ وَإِسْرَائِيلَ وَمِمَّنْ هَدَيْنَا وَاجْتَبَيْنَا ۚ إِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُ الرَّحْمَٰنِ خَرُّوا سُجَّدًا وَبُكِيًّا ۩
এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰাইছিলোঁ। এওঁলোক ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, লগতে (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।
.
🌺 প্ৰস্তুত কাৰক: চৈয়দ ৰফিক🌺

Comments

Popular posts from this blog

Ablution(Part-2)Quran-5:6

Special Note 2:79