Ablution(Part-2)Quran-5:6
Ablution(Part-2)
5:6-Ablution, Wazu.
.
AL Maida-৫:৬
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধোৱা আৰু কিলাকুটিলৈকে হাত ধোৱা, তোমালোকৰ মূৰ মছেহ কৰা আৰু সৰু গাঠি লৈকে ভৰি(🔺Pl see in utube descriptions link) মছেহ কৰা( 📌কিন্তু প্ৰায় সকলো অনুবাদতেই ধুৱা বুলি আছে, ই ভুল), আৰু যদি তোমালোকে জুনুবী অৱস্থাত থকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা অথবা তোমালোকৰ কোনোবাই মল-মুত্ৰ ত্যাগ কৰি আহে নাইবা স্ত্ৰীৰ লগত সহবাস কৰে আৰু (পৱিত্ৰ হ’বলৈ) পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা কৰিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
.
🔺অসমীয়াত ভৰি বুলি ক'লে আঠুৰ পৰা তললৈ আঙুলীলৈকে বুজায়!
কিন্তু ইংৰাজী আৰু আৰবীত বেলেগ হয়!
ইংৰাজীত Leg মানে আঠুৰ পৰা তললৈ আঙুলীলৈকে বুজায় আৰু আৰবীত ইয়াক ৰাজুল(رجل)(plu.আৰজুল)কয়(আয়াত চাওঁক-5/6, 5/33, 5/66, 6/65, 7/124...etc.).
.
আকৌ ইংৰাজীৰ Foot ক আৰবীত কদম(আক্দম-plu).(See verses-55/41, 2/250, 3/147, 8/11, 10/2, 16/94..etc.).
.
🌹prepared🌹syedraf (iiqas Quran .utube)🌹
Comments
Post a Comment