ref.sl-67(1)3:103,2:256,6:159, 30:31-32, 42:14

3:103,2:256,6:159, 30:31, 42:14
.
৩:১০৩
وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا ۚ وَاذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ إِذْ كُنْتُمْ أَعْدَاءً فَأَلَّفَ بَيْنَ قُلُوبِكُمْ فَأَصْبَحْتُمْ بِنِعْمَتِهِ إِخْوَانًا وَكُنْتُمْ عَلَىٰ شَفَا حُفْرَةٍ مِنَ النَّارِ فَأَنْقَذَكُمْ مِنْهَا ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَهْتَدُونَ
আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ'বা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, এসময়ত তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
.
২:২৫৬
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিডাল কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
.
৬:১৫৯
إِنَّ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا لَسْتَ مِنْهُمْ فِي شَيْءٍ ۚ إِنَّمَا أَمْرُهُمْ إِلَى اللَّهِ ثُمَّ يُنَبِّئُهُمْ بِمَا كَانُوا يَفْعَلُونَ
নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব।
.
৩০:৩২
مِنَ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا ۖ كُلُّ حِزْبٍ بِمَا لَدَيْهِمْ فَرِحُونَ
যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত।
.
৪২:১৪
وَمَا تَفَرَّقُوا إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ إِلَىٰ أَجَلٍ مُسَمًّى لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّ الَّذِينَ أُورِثُوا الْكِتَابَ مِنْ بَعْدِهِمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ
আৰু সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে সেই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।
....x.....
Compiled.syedraf.

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79