ref.sl.66-12
🟣 সিহঁতি সত্য গোপন কৰে, অথচ কোৰআনে সত্য গোপন কৰিবলৈ নিষেধ কৰিছে ৩ঃ৭১/২ঃ৪২।
৩:৭১
يَا أَهْلَ الْكِتَابِ لِمَ تَلْبِسُونَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُونَ الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ
হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা?
.

*
গতিকে সিহঁতি সত্য গোপন কৰি কোৰআনক অস্বীকাৰ কৰিছে। কাৰণ সত্যটো জানাই দিয়া আৰু পৌঁছাই দিয়াটো দায়িত্বঃ ১৬ঃ৮২/৩ঃ২০/৫ঃ৯২/৫ঃ৯৯/ ১৩ঃ৪০/ ২৪ঃ৫৪/ ২৯ঃ১৮/ ৩৬ঃ১৭/ ৪২ঃ৪৮/ ৬৪ঃ১২/৭২ঃ২৮/ ৮০ঃ১-১১ আয়াত।
১৬:৮২
فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ الْمُبِينُ
এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌছাই দিয়া।
.
৩:২০
فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ ۗ وَاللَّهُ بَصِيرٌ بِالْعِبَادِ
এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
.
৫:৯২
وَأَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَاحْذَرُوا ۚ فَإِنْ تَوَلَّيْتُمْ فَاعْلَمُوا أَنَّمَا عَلَىٰ رَسُولِنَا الْبَلَاغُ الْمُبِينُ
আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।
.
৫:৯৯
مَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ ۗ وَاللَّهُ يَعْلَمُ مَا تُبْدُونَ وَمَا تَكْتُمُونَ
ৰাছুলৰ দায়িত্ব কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।
.
১৩:৪০
وَإِنْ مَا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।
.
২৪:৫৪
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
.
🔴জানিশুনি যি সত্যৰ ওপৰত মিছাৰ ৰং লগায়, সচাঁক মিছা বনায় তেওঁলোকৰ কাৰণে চৰম শাস্তিৰ ব্যৱস্থা আছে ৬ঃ১১।/ ২৩ঃ৭১/৩৯ঃ৩৩।
৬:১১
قُلْ سِيرُوا فِي الْأَرْضِ ثُمَّ انْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!
২৩:৭১
وَلَوِ اتَّبَعَ الْحَقُّ أَهْوَاءَهُمْ لَفَسَدَتِ السَّمَاوَاتُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ بَلْ أَتَيْنَاهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُعْرِضُونَ
আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰলৈ লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
৩৯:৩৩
وَالَّذِي جَاءَ بِالصِّدْقِ وَصَدَّقَ بِهِ ۙ أُولَٰئِكَ هُمُ الْمُتَّقُونَ
আৰু যিয়ে সত্য লৈ আহিছে আৰু যিয়ে তাক সত্য বুলি মানি লৈছে তেওঁলোকেই হৈছে মুত্তাক্বী।
৬:১১
قُلْ سِيرُوا فِي الْأَرْضِ ثُمَّ انْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!
.
🟠দ্বীনৰ ক্ষেত্রত কোনো নীতি, আদর্শ,খাদ্য-বস্তু, হালালক হাৰাম বা হাৰামক হালাল বুলি ক'লে তাৰ দলিল লাগিব আৰু হালাল–হাৰাম ঘোষণা কৰাৰ ক্ষমতাৰ মালিক একমাত্র এল্লাহ ৭ঃ৩২/ ২ঃ১১১/ ১০ঃ৫৯/ ১৬ঃ১১৬/ ৬ঃ১১৯/৬৫ঃ১/৪ঃ১০৫:-
৭:৩২
قُلْ مَنْ حَرَّمَ زِينَةَ اللَّهِ الَّتِي أَخْرَجَ لِعِبَادِهِ وَالطَّيِّبَاتِ مِنَ الرِّزْقِ ۚ قُلْ هِيَ لِلَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا خَالِصَةً يَوْمَ الْقِيَامَةِ ۗ كَذَٰلِكَ نُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
কোৱা, ‘আল্লাহে নিজ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰো।
২:১১১
وَقَالُوا لَنْ يَدْخُلَ الْجَنَّةَ إِلَّا مَنْ كَانَ هُودًا أَوْ نَصَارَىٰ ۗ تِلْكَ أَمَانِيُّهُمْ ۗ قُلْ هَاتُوا بُرْهَانَكُمْ إِنْ كُنْتُمْ صَادِقِينَ
আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’।[1] এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে প্ৰমাণ লৈ আহা’।
১০:৫৯
قُلْ أَرَأَيْتُمْ مَا أَنْزَلَ اللَّهُ لَكُمْ مِنْ رِزْقٍ فَجَعَلْتُمْ مِنْهُ حَرَامًا وَحَلَالًا قُلْ آللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى اللَّهِ تَفْتَرُونَ
কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
১৬:১১৬
وَلَا تَقُولُوا لِمَا تَصِفُ أَلْسِنَتُكُمُ الْكَذِبَ هَٰذَا حَلَالٌ وَهَٰذَا حَرَامٌ لِتَفْتَرُوا عَلَى اللَّهِ الْكَذِبَ ۚ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ
আৰু তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁত কেতিয়াও সফল নহ'ব।
৬:১১৯
وَمَا لَكُمْ أَلَّا تَأْكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ وَقَدْ فَصَّلَ لَكُمْ مَا حَرَّمَ عَلَيْكُمْ إِلَّا مَا اضْطُرِرْتُمْ إِلَيْهِ ۗ وَإِنَّ كَثِيرًا لَيُضِلُّونَ بِأَهْوَائِهِمْ بِغَيْرِ عِلْمٍ ۗ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِالْمُعْتَدِينَ
তোমালোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
৬৫:১
يَا أَيُّهَا النَّبِيُّ إِذَا طَلَّقْتُمُ النِّسَاءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا الْعِدَّةَ ۖ وَاتَّقُوا اللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنْ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يَتَعَدَّ حُدُودَ اللَّهِ فَقَدْ ظَلَمَ نَفْسَهُ ۚ لَا تَدْرِي لَعَلَّ اللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًا
হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লীলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

........+.......
Compiler.syedraf
Comments
Post a Comment