২:১৪৯-১৫০, ৩:৯৬, ২:১১৫, ৭৩:৯

২:১৪৯-১৫০, ৩:৯৬, ২:১১৫, ৭৩:৯
২:১৪৯
وَمِنْ حَيْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ۖ وَإِنَّهُ لَلْحَقُّ مِنْ رَبِّكَ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ
আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
.
২:১৫০
وَمِنْ حَيْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ۚ وَحَيْثُ مَا كُنْتُمْ فَوَلُّوا وُجُوهَكُمْ شَطْرَهُ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَيْكُمْ حُجَّةٌ إِلَّا الَّذِينَ ظَلَمُوا مِنْهُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِي وَلِأُتِمَّ نِعْمَتِي عَلَيْكُمْ وَلَعَلَّكُمْ تَهْتَدُونَ
আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ মুখ কৰা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ একো নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা; এইকাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰো আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।
.
৩:৯৬
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِلْعَالَمِينَ
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
.
২:১১৫
وَلِلَّهِ الْمَشْرِقُ وَالْمَغْرِبُ ۚ فَأَيْنَمَا تُوَلُّوا فَثَمَّ وَجْهُ اللَّهِ ۚ إِنَّ اللَّهَ وَاسِعٌ عَلِيمٌ
পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে  তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ।[1] নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।[2]
.
৭৩:৯
رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ لَا إِلَٰهَ إِلَّا هُوَ فَاتَّخِذْهُ وَكِيلًا
তেৱেঁই পূৱ আৰু পশ্চিমৰ ৰব, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে তেওঁকেই তুমি কাৰ্য সম্পাদনকাৰীৰূপে গ্ৰহণ কৰা।
।।।।।।।
Compiled.syedraf.

Comments

Popular posts from this blog

fb.Millat Ibrahim (Sl-67-73)(71-E.Article)

2:67 edip note

The Myth of Intercession(মধ্যস্থতাৰ কাহিনী)