82-2

Islamic Behaviour:
24- Always give honest testimony, even against your parents and close ones (4:135) 
25- Treat parents kindly (17:23) 
26- Draw a Will when death is near (2:180) 
27- Seek the Hereafter (17:19) and invest for it, without forgetting your share in the worldy life (28:77) 
28- Debate with wisdom and sound advice (16:125) 
29- Forgive the faults of others (24:22, 45:14) 30- Speak the truth (33:24).
.
24-
৪:১৩৫
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا كُونُوا قَوَّامِينَ بِالْقِسْطِ شُهَدَاءَ لِلَّهِ وَلَوْ عَلَىٰ أَنْفُسِكُمْ أَوِ الْوَالِدَيْنِ وَالْأَقْرَبِينَ ۚ إِنْ يَكُنْ غَنِيًّا أَوْ فَقِيرًا فَاللَّهُ أَوْلَىٰ بِهِمَا ۖ فَلَا تَتَّبِعُوا الْهَوَىٰ أَنْ تَعْدِلُوا ۚ وَإِنْ تَلْوُوا أَوْ تُعْرِضُوا فَإِنَّ اللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপে, যদিও সেয়া তোমালোকৰ নিজৰ বিৰুদ্ধে বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওঁক কিয়, সি বিত্তবানে হওঁক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্ঠতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি ঘূৰাই-পকাই কথা কোৱা আৰু অমনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
.
25-
১৭:২৩
۞ وَقَضَىٰ رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا ۚ إِمَّا يَبْلُغَنَّ عِنْدَكَ الْكِبَرَ أَحَدُهُمَا أَوْ كِلَاهُمَا فَلَا تَقُلْ لَهُمَا أُفٍّ وَلَا تَنْهَرْهُمَا وَقُلْ لَهُمَا قَوْلًا كَرِيمًا
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।
.
26-
২:১৮০
كُتِبَ عَلَيْكُمْ إِذَا حَضَرَ أَحَدَكُمُ الْمَوْتُ إِنْ تَرَكَ خَيْرًا الْوَصِيَّةُ لِلْوَالِدَيْنِ وَالْأَقْرَبِينَ بِالْمَعْرُوفِ ۖ حَقًّا عَلَى الْمُتَّقِينَ
তোমালোকৰ মাজত যাৰ মৃত্যুৰ সময় উপস্থিত হ’ব, সি যদি ধন-সম্পদ ৰাখি যায়, তেন্তে প্ৰচলিত ন্যায়-নীতি অনুযায়ী তাৰ পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অছিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ’ল। এইটো মুত্তাক্বীসকলৰ কৰ্তব্য।
.
27-
১৭:১৯
وَمَنْ أَرَادَ الْآخِرَةَ وَسَعَىٰ لَهَا سَعْيَهَا وَهُوَ مُؤْمِنٌ فَأُولَٰئِكَ كَانَ سَعْيُهُمْ مَشْكُورًا
আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।
২৮:৭৭
وَابْتَغِ فِيمَا آتَاكَ اللَّهُ الدَّارَ الْآخِرَةَ ۖ وَلَا تَنْسَ نَصِيبَكَ مِنَ الدُّنْيَا ۖ وَأَحْسِنْ كَمَا أَحْسَنَ اللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ الْفَسَادَ فِي الْأَرْضِ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْمُفْسِدِينَ
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’
.
28-
১৬:১২৫
ادْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ ۖ وَجَادِلْهُمْ بِالَّتِي هِيَ أَحْسَنُ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ ۖ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ
তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ ৰব, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে।
.
29-
২৪:২২
وَلَا يَأْتَلِ أُولُو الْفَضْلِ مِنْكُمْ وَالسَّعَةِ أَنْ يُؤْتُوا أُولِي الْقُرْبَىٰ وَالْمَسَاكِينَ وَالْمُهَاجِرِينَ فِي سَبِيلِ اللَّهِ ۖ وَلْيَعْفُوا وَلْيَصْفَحُوا ۗ أَلَا تُحِبُّونَ أَنْ يَغْفِرَ اللَّهُ لَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
আৰু তোমালোকৰ মাজত যিসকল ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী তেওঁলোকে যেন এইবুলি শপত গ্ৰহণ নকৰে যে, সিহঁতে আত্মীয়-স্বজন, অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰীসকলক একোৱে প্ৰদান নকৰিব; তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰে। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক ক্ষমা কৰক? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
৪৫:১৪
قُلْ لِلَّذِينَ آمَنُوا يَغْفِرُوا لِلَّذِينَ لَا يَرْجُونَ أَيَّامَ اللَّهِ لِيَجْزِيَ قَوْمًا بِمَا كَانُوا يَكْسِبُونَ
যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।
.
30-
৩৩:২৪
لِيَجْزِيَ اللَّهُ الصَّادِقِينَ بِصِدْقِهِمْ وَيُعَذِّبَ الْمُنَافِقِينَ إِنْ شَاءَ أَوْ يَتُوبَ عَلَيْهِمْ ۚ إِنَّ اللَّهَ كَانَ غَفُورًا رَحِيمًا
যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰষ্কৃত কৰিব পাৰে আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰি দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
......

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79