6:91-92, 6:154-157;....

6:91-92, 6:154-157; also cf. 📍‘al-kitab’: 2:113, 2:136, 3:19, 3:100, 3:119, 6:91-92, 6:154-157, 10:37, 21:7, 23:68, 39:18; cf. 18:27, 10:94
।।।।।।।।
৬:৯১-৯২
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাপ যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
.
৬:৯২
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ مُصَدِّقُ الَّذِي بَيْنَ يَدَيْهِ وَلِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا ۚ وَالَّذِينَ يُؤْمِنُونَ بِالْآخِرَةِ يُؤْمِنُونَ بِهِ ۖ وَهُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
আৰু এইখন বৰকতময় কিতাব যিখন আমি অৱতীৰ্ণ কৰিছো, যিখন ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোকে নিজ চালাতৰ প্ৰতি যত্নৱান।
.
৬:১৫৪-১৫৭
ثُمَّ آتَيْنَا مُوسَى الْكِتَابَ تَمَامًا عَلَى الَّذِي أَحْسَنَ وَتَفْصِيلًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ بِلِقَاءِ رَبِّهِمْ يُؤْمِنُونَ
এতেকে আমি মূছাক প্ৰদান কৰিছিলো কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাত সম্বন্ধে ঈমান ৰাখে।
.
৬:১৫৫
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ فَاتَّبِعُوهُ وَاتَّقُوا لَعَلَّكُمْ تُرْحَمُونَ
আৰু এই কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছো – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হোৱা।
.
৬:১৫৬
أَنْ تَقُولُوا إِنَّمَا أُنْزِلَ الْكِتَابُ عَلَىٰ طَائِفَتَيْنِ مِنْ قَبْلِنَا وَإِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغَافِلِينَ
যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,
.
৬:১৫৭
أَوْ تَقُولُوا لَوْ أَنَّا أُنْزِلَ عَلَيْنَا الْكِتَابُ لَكُنَّا أَهْدَىٰ مِنْهُمْ ۚ فَقَدْ جَاءَكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ ۚ فَمَنْ أَظْلَمُ مِمَّنْ كَذَّبَ بِآيَاتِ اللَّهِ وَصَدَفَ عَنْهَا ۗ سَنَجْزِي الَّذِينَ يَصْدِفُونَ عَنْ آيَاتِنَا سُوءَ الْعَذَابِ بِمَا كَانُوا يَصْدِفُونَ
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
.
📍২:১১৩
وَقَالَتِ الْيَهُودُ لَيْسَتِ النَّصَارَىٰ عَلَىٰ شَيْءٍ وَقَالَتِ النَّصَارَىٰ لَيْسَتِ الْيَهُودُ عَلَىٰ شَيْءٍ وَهُمْ يَتْلُونَ الْكِتَابَ ۗ كَذَٰلِكَ قَالَ الَّذِينَ لَا يَعْلَمُونَ مِثْلَ قَوْلِهِمْ ۚ فَاللَّهُ يَحْكُمُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ
আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যয়ন কৰে। এইদৰে যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথাকে কয়।[1] এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব।
.
২:১৩৬
قُولُوا آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ إِلَيْنَا وَمَا أُنْزِلَ إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَا أُوتِيَ النَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ
তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছিল ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছাৰ লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছো)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
.
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
৩:১০০
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ تُطِيعُوا فَرِيقًا مِنَ الَّذِينَ أُوتُوا الْكِتَابَ يَرُدُّوكُمْ بَعْدَ إِيمَانِكُمْ كَافِرِينَ
হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত ওভোতাই লৈহে এৰিব।
.
৩:১১৯
هَا أَنْتُمْ أُولَاءِ تُحِبُّونَهُمْ وَلَا يُحِبُّونَكُمْ وَتُؤْمِنُونَ بِالْكِتَابِ كُلِّهِ وَإِذَا لَقُوكُمْ قَالُوا آمَنَّا وَإِذَا خَلَوْا عَضُّوا عَلَيْكُمُ الْأَنَامِلَ مِنَ الْغَيْظِ ۚ قُلْ مُوتُوا بِغَيْظِكُمْ ۗ إِنَّ اللَّهَ عَلِيمٌ بِذَاتِ الصُّدُورِ
চোৱা, তোমালোকেই সিহঁতক ভাল পোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায় অথচ তোমালোকে সকলো কিতাব বিশ্বাস কৰা। আৰু সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছো’, কিন্তু সিহঁতে যেতিয়া অকলশৰীয়াকৈ মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
.
১০:৩৭
وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
.
২১:৭
وَمَا أَرْسَلْنَا قَبْلَكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ ۖ فَاسْأَلُوا أَهْلَ الذِّكْرِ إِنْ كُنْتُمْ لَا تَعْلَمُونَ
আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।
.
২৩:৬৮
أَفَلَمْ يَدَّبَّرُوا الْقَوْلَ أَمْ جَاءَهُمْ مَا لَمْ يَأْتِ آبَاءَهُمُ الْأَوَّلِينَ
কিয় সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা নকৰে? এই কাৰণে নেকি যে, সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল?
.
৩৯:১৮
الَّذِينَ يَسْتَمِعُونَ الْقَوْلَ فَيَتَّبِعُونَ أَحْسَنَهُ ۚ أُولَٰئِكَ الَّذِينَ هَدَاهُمُ اللَّهُ ۖ وَأُولَٰئِكَ هُمْ أُولُو الْأَلْبَابِ
যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। তেওঁলোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই বোধশক্তি সম্পন্ন।
.
১৮:২৭
وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا
আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
.
১০:৯৪
فَإِنْ كُنْتَ فِي شَكٍّ مِمَّا أَنْزَلْنَا إِلَيْكَ فَاسْأَلِ الَّذِينَ يَقْرَءُونَ الْكِتَابَ مِنْ قَبْلِكَ ۚ لَقَدْ جَاءَكَ الْحَقُّ مِنْ رَبِّكَ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ
এতেকে আমি যি অৱতীৰ্ণ কৰিছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তোমাৰ পূৰ্বৰ কিতাব যিসকলে পাঠ কৰে সিহঁতক সুধি লোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰত সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
।।।।।যোগোতালে।।।।। চৈয়দ ৰফিক।।।।।

Comments

Popular posts from this blog

Ref.Sl:69-3(no change of E'llah's Sunnah, Salat of pre prophets)

Ablution(Part-2)Quran-5:6

Special Note 2:79